image

হিন্দু বাংলাদেশী

✍পাৰ্থ গোস্বামী

“আইজনীক কিবা এটা দিব নালাগিছিল জানো ??? … যোৱাটো বিহুটো একো এটা দিব নোৱাৰিলো ”
” দমৰাটো বেছিব পাৰিলেই তাই লৈ কিবা এটা আনিব লাগিব ”
“এৰাহ ….

চাহৰ বাতিটো হৰিক দি ৰমলা ভিতৰলৈ সোমাই গ’ল । সেন্দুৰীয়া আকাশখনৰ কোনোবা এটি চুকত নীলিমাত বিলীন হব ধৰা বেলিটো ডিঙিত আৰি লোৱা পুৰণি গামোচাখনৰ পাৰ্থক্য হয়টো বৰ বেছি নাছিল । যোৱাবাৰ বানত নষ্ট হোৱা খেতিদৰাৰ কাষত এইবাৰ নতুনকৈ বহুকেইঘৰ বাংলা ভাষী মানুহ বহিছে । কোনেও একো নকয় , হয়টো সাহসৰ অভাৱ ।
” আপুনি আজি কালি পথাৰলৈ নাযায় যে ??”
” যাম যাম । এই মাজনী ঘৰলৈ আহিল নে?”
…. এনেতে হৰিৰ বন্ধু ৰমেন আহি নঙলা মুখ পালেহি । তাৰ চকুত চকুলো স্পষ্ট । হতাশাত ভাগি পৰিছে সি ।  হতাশাত ভাগি পৰিছে সি ।
” হৰি আমি যুগ যুগ ধৰি খেতি কৰি অহা মাটিদৰাত সেই মানুহবোৰে ঘৰ সাজিছে । আমি খেতি ক’ত কৰিম বান্ধৈ ?? .. পৰিয়াল কেনেদৰে চলিব ???মাজনী , পোনাকনৰ ভৱিষ্যত ??? ”
” সিহঁতে ইমান সাহস কত পালে??… উঠাই দিও বল বান্ধৈ ”
” নোৱাৰ বান্ধৈ । সিহঁত হিন্দু বাংলাদেশী । চৰকাৰে থাকিব দিছে , হয়টো দুদিন পিছত থকা ভেটিও বাংলাদেশীৰ হাতত যাব ”
“এৰাহ …বৰ অসহায় লাগিছে অ বান্ধৈ ”
… হৰি আৰু ৰমেন হতাশাত ভাগি পৰিল । যুগ যুগ ধৰি খেতি কৰা মাটি , আজি বাংলাদেশীৰ হাতত । দুদিন পিছত ৠণত ডুব যোৱা হৰিৰ মৃত দেহ বৰ নাম ঘৰৰ পুখুৰীত উপঙি উঠিল । তাৰ দেহৰ কাষত ৰমলাই চিঞৰি কান্দিছে আৰু কাষত কান্দিব নজনা মাজনীয়ে থিয় দিছে । বহুদিন পাৰ হল আৰু উপায় নাপায় দেহটোৰ বেহাত ৰমলা আজি ব্যস্ত ।

      হৰি ,ৰমলা মাথোঁ একো একোটা উদাহৰণ । হয়টো দুদিন পিছত অস্তিত্বৰ সংকটত ডুবিব আমাৰ জাতি , আমাৰ মাটি , আমাৰ ভেটি আমাৰ আন্ত সন্মান । কত গল আজি সেই লাচিতৰ তেজ??? কত গল সেই হেংদাং..??? হিন্দু হওক বা মুছলমান কোনো এজন বিদেশীক আমাৰ অস্তিত্বক গচকি যাব দিব পাৰোনে ????… এতিয়া ভবাৰ সময় ….