image

    ” হেল্ল নিহাৰিকা …”
    পকেটৰ পৰা মোবাইলটো উলিয়াই নিহাৰিকাৰ লগত কথা পাতোতে বিকাশে হাতত থকা পিষ্টলটোত গুলী ভৰাই আছে ।
    ” বিকাশ মই তোমাৰ জীৱনলৈ উভটি যাবলৈ সাজু । মই বহুত ভাবিলো আৰু ….
    ” আৰু ….
    ” সাত বছৰ বহু দীঘল সময় বিকাশ । তুমি মোক এৰি বন্দুক হাতত তুলি লোৱাৰ তাৰিখৰ পৰা আজিলৈ অপেক্ষাৰ বাহিৰেনো মোৰ নিজৰ বুলিবলৈ কি আছে”
    ” মই আছো নিহা … মই আছো । এই সকলোবোৰ বাদ দি আজি তোমাৰ ওচৰলৈ আহিব খুজিছো ,,, প্লিজ লেট মি লাভ ইউ ”
    ” যোৱা সাত বছৰ মোক কেনেকৈ ঘুৰাই দিবা ??? আৰু তুমি যদি মোক আকৌ এৰি যোৱা ??? হাতত থকা বন্দুকটোক এৰিবা বুলি কেনেকৈ বিশ্বাস কৰো …”
     ” বিশ্বাসৰ বাহিৰেনো আছে কি …. 

    বিকাশে নিহাৰিকাক নেদেখা সাত বছৰ হ’ল । প্ৰতিবাদৰ নামত হাতত বন্দুক তুলি লৈ নিহাৰিকাক বিচ্ছেদৰ নৈত এৰি যোৱাৰ আগত তাৰ বুকুখন সঁচাকৈয়ে কঁপিছিল … আৰু সেই একেই কঁপনিয়ে আজিৰ সন্ধ্যাৰ মাদকতাক প্ৰাণ দিছে নিহাৰিকাৰ অপেক্ষাই । অপেক্ষা বোৰো ভাল লাগিব যেতিয়া অপেক্ষাৰ অন্তত এজন বিশেষ মানুহ সদায়ৰ বাবে নিজৰ হয় পৰে আৰু বিকাশৰ বাবেও আজি এই অপেক্ষা মাথো কিছু ক্ষণৰ যাৰ অন্তত নিহাৰিকা তাৰ আপোন হয় পৰিব ।
      কলিং বেল বজাৰ লগে লগেই বিকাশে গম পালে যে নিহাৰিকা তাৰ ঘৰ আহি পালে । সাত বছৰৰ অন্তত সিহঁতৰ প্ৰথম ‘ডিনাৰ’ যত বিকাশে নিহাৰিকাই ভালপোৱা ‘চিলি চিকেন’ বনাইছে । কলিং বেল আৰু হৃদয়ৰ শব্দৰ মাজত দুৱাৰৰ ফাকেৰে নিহাৰিকাক দেখি বিকাশৰ যেন সময় কলিজাত আৱদ্ধ হয় পৰিছিল ।
     ” ভিতৰলৈ মাতিবা নে?? নে এনেকৈয়েই চাই থাকিবা । ”
     ” অহ চৰি নিহা । সাত বছৰৰ অন্তত তোমাক দেখিছো … হয়টো সেইবাবেই ”
     বিকাশে আৰু নিহাৰিকাই অতীতৰ প্ৰতিটো হেৰুৱা পৃষ্ঠাক পুনৰ ঘুৰাই পালে । নিহাৰিকাৰ কাজল সনা চকু , বতাহত উৰা কেকুৰা চুলি আৰু সৰু সৰু অভিমানৰ টোপাল …. তাই একেই আছে ।
    “নিহা আই লাভ ইউ । তুমি উভটি আহিবা বুলি আশা কৰিছিলো কিন্তু অপেক্ষা কৰাৰ সাহস নাছিল । মই বেয়া কাম আজিৰ পৰা এৰি দিলো … মই ভাল মানুহ হৈছো । আমাৰ এখন নতুন পৃথিৱী হব কালিৰ পৰা । এইটো লোৱা এটা সৰু উপহাৰ ”
    বিকাশে নিহাৰিকাৰ কপালত চুমা আঁকি তাইৰ ডিঙিত হীৰাৰ নেকলেছ পিন্ধাই দিছে ।
    ” ঠেংক ইউ … মোৰো তোমাৰ কাৰণে এটা উপহাৰ আছে । ”
     নিহাৰিকাই টেবুলৰ পৰা উঠি বাহিৰলৈ ওলাই গ’ল । ঘুৰি আহোতে তাইৰ হাতত ধৰি আহিল এটি চাৰি বছৰীয়া ল’ৰা যাৰ চুলি নাছিল । সি বিকাশৰ হাতত এটি উপহাৰৰ টোপোলা আগুৱাই দিলে । বিকাশ আচৰিত হৈছিল আৰু সি উপহাৰটো খুলি চালে ।
     ” আচৰিত হৈছা বিকাশ ??? ঠিকেই ভাৱিছা … এইয়া অস্থি … মোৰ মৃত স্বামীৰ অস্থি… এই ল’ৰাটোৰ দেউতাকৰ অস্থি যিয়ে দুদিনমানৰ আগত তোমাৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱাইছিল । এতিয়া কোৱা তোমাক ভাল পাব লাগে বুলি … তোমাৰ এই হীৰাৰ নেকলেছে ঘুৰাই দিব পাৰিবনে মোক মোৰ পৰিয়াল ???? … আই হেট ইউ ”
     বিকাশ কান্দোনত ভাগি পৰিল । তাৰ কবলৈ বহু কিবা আছিল কিন্তু শব্দৰ অভাৱ । সি নিহাৰিকাৰ হাতত বন্দুক তুলি দিলে …
     ” মোক মাৰি পেলোৱা নিহা … ”
     ” ভালপাওঁ তোমাক … আজিও  ”
     নিহাৰিকাই বন্দুকটো দলিয়াই ৰুমটোৰ পৰা ওলাই গল । তাই দুৱাৰখন খোলাৰ লগে লগে বিকাশে মাত দিলে
     ” তোমাৰ ল’ৰাটোৰ নামটো …. ”
     ” বিকাশ … বিকাশ হাজৰিকা ”
  সকলো শেষ হোৱাৰ পিছতো যেন বিকাশৰ হাতত থকা অস্থিৰ টোপোলাটো আৰু নিহাৰিকাৰ লৰাটোৰ নামটোৱে তাক বহুত কিবা দি গ’ল । নিহাৰিকাক সি আৰু কেতিয়াও লগ নাপালে , লগ কৰাৰ সাহসো নাছিল । সি বন্দুকৰ শব্দ আৰু কেতিয়াও নুশুনে , জীৱনৰ অৰ্থ কেতিয়াবা কাৰোবাক হেৰুৱাই হে গম পোৱা যায় । হেৰুৱাৰ মাজতো বহু কিবা লুকাই থাকে …. এই উশাহ কেৱল “তোমাৰ বাবে ”