Search

xihoron

the feeling of words

image

image

image

তোমাৰ বাবে

image

    ” হেল্ল নিহাৰিকা …”
    পকেটৰ পৰা মোবাইলটো উলিয়াই নিহাৰিকাৰ লগত কথা পাতোতে বিকাশে হাতত থকা পিষ্টলটোত গুলী ভৰাই আছে ।
    ” বিকাশ মই তোমাৰ জীৱনলৈ উভটি যাবলৈ সাজু । মই বহুত ভাবিলো আৰু ….
    ” আৰু ….
    ” সাত বছৰ বহু দীঘল সময় বিকাশ । তুমি মোক এৰি বন্দুক হাতত তুলি লোৱাৰ তাৰিখৰ পৰা আজিলৈ অপেক্ষাৰ বাহিৰেনো মোৰ নিজৰ বুলিবলৈ কি আছে”
    ” মই আছো নিহা … মই আছো । এই সকলোবোৰ বাদ দি আজি তোমাৰ ওচৰলৈ আহিব খুজিছো ,,, প্লিজ লেট মি লাভ ইউ ”
    ” যোৱা সাত বছৰ মোক কেনেকৈ ঘুৰাই দিবা ??? আৰু তুমি যদি মোক আকৌ এৰি যোৱা ??? হাতত থকা বন্দুকটোক এৰিবা বুলি কেনেকৈ বিশ্বাস কৰো …”
     ” বিশ্বাসৰ বাহিৰেনো আছে কি …. 

    বিকাশে নিহাৰিকাক নেদেখা সাত বছৰ হ’ল । প্ৰতিবাদৰ নামত হাতত বন্দুক তুলি লৈ নিহাৰিকাক বিচ্ছেদৰ নৈত এৰি যোৱাৰ আগত তাৰ বুকুখন সঁচাকৈয়ে কঁপিছিল … আৰু সেই একেই কঁপনিয়ে আজিৰ সন্ধ্যাৰ মাদকতাক প্ৰাণ দিছে নিহাৰিকাৰ অপেক্ষাই । অপেক্ষা বোৰো ভাল লাগিব যেতিয়া অপেক্ষাৰ অন্তত এজন বিশেষ মানুহ সদায়ৰ বাবে নিজৰ হয় পৰে আৰু বিকাশৰ বাবেও আজি এই অপেক্ষা মাথো কিছু ক্ষণৰ যাৰ অন্তত নিহাৰিকা তাৰ আপোন হয় পৰিব ।
      কলিং বেল বজাৰ লগে লগেই বিকাশে গম পালে যে নিহাৰিকা তাৰ ঘৰ আহি পালে । সাত বছৰৰ অন্তত সিহঁতৰ প্ৰথম ‘ডিনাৰ’ যত বিকাশে নিহাৰিকাই ভালপোৱা ‘চিলি চিকেন’ বনাইছে । কলিং বেল আৰু হৃদয়ৰ শব্দৰ মাজত দুৱাৰৰ ফাকেৰে নিহাৰিকাক দেখি বিকাশৰ যেন সময় কলিজাত আৱদ্ধ হয় পৰিছিল ।
     ” ভিতৰলৈ মাতিবা নে?? নে এনেকৈয়েই চাই থাকিবা । ”
     ” অহ চৰি নিহা । সাত বছৰৰ অন্তত তোমাক দেখিছো … হয়টো সেইবাবেই ”
     বিকাশে আৰু নিহাৰিকাই অতীতৰ প্ৰতিটো হেৰুৱা পৃষ্ঠাক পুনৰ ঘুৰাই পালে । নিহাৰিকাৰ কাজল সনা চকু , বতাহত উৰা কেকুৰা চুলি আৰু সৰু সৰু অভিমানৰ টোপাল …. তাই একেই আছে ।
    “নিহা আই লাভ ইউ । তুমি উভটি আহিবা বুলি আশা কৰিছিলো কিন্তু অপেক্ষা কৰাৰ সাহস নাছিল । মই বেয়া কাম আজিৰ পৰা এৰি দিলো … মই ভাল মানুহ হৈছো । আমাৰ এখন নতুন পৃথিৱী হব কালিৰ পৰা । এইটো লোৱা এটা সৰু উপহাৰ ”
    বিকাশে নিহাৰিকাৰ কপালত চুমা আঁকি তাইৰ ডিঙিত হীৰাৰ নেকলেছ পিন্ধাই দিছে ।
    ” ঠেংক ইউ … মোৰো তোমাৰ কাৰণে এটা উপহাৰ আছে । ”
     নিহাৰিকাই টেবুলৰ পৰা উঠি বাহিৰলৈ ওলাই গ’ল । ঘুৰি আহোতে তাইৰ হাতত ধৰি আহিল এটি চাৰি বছৰীয়া ল’ৰা যাৰ চুলি নাছিল । সি বিকাশৰ হাতত এটি উপহাৰৰ টোপোলা আগুৱাই দিলে । বিকাশ আচৰিত হৈছিল আৰু সি উপহাৰটো খুলি চালে ।
     ” আচৰিত হৈছা বিকাশ ??? ঠিকেই ভাৱিছা … এইয়া অস্থি … মোৰ মৃত স্বামীৰ অস্থি… এই ল’ৰাটোৰ দেউতাকৰ অস্থি যিয়ে দুদিনমানৰ আগত তোমাৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱাইছিল । এতিয়া কোৱা তোমাক ভাল পাব লাগে বুলি … তোমাৰ এই হীৰাৰ নেকলেছে ঘুৰাই দিব পাৰিবনে মোক মোৰ পৰিয়াল ???? … আই হেট ইউ ”
     বিকাশ কান্দোনত ভাগি পৰিল । তাৰ কবলৈ বহু কিবা আছিল কিন্তু শব্দৰ অভাৱ । সি নিহাৰিকাৰ হাতত বন্দুক তুলি দিলে …
     ” মোক মাৰি পেলোৱা নিহা … ”
     ” ভালপাওঁ তোমাক … আজিও  ”
     নিহাৰিকাই বন্দুকটো দলিয়াই ৰুমটোৰ পৰা ওলাই গল । তাই দুৱাৰখন খোলাৰ লগে লগে বিকাশে মাত দিলে
     ” তোমাৰ ল’ৰাটোৰ নামটো …. ”
     ” বিকাশ … বিকাশ হাজৰিকা ”
  সকলো শেষ হোৱাৰ পিছতো যেন বিকাশৰ হাতত থকা অস্থিৰ টোপোলাটো আৰু নিহাৰিকাৰ লৰাটোৰ নামটোৱে তাক বহুত কিবা দি গ’ল । নিহাৰিকাক সি আৰু কেতিয়াও লগ নাপালে , লগ কৰাৰ সাহসো নাছিল । সি বন্দুকৰ শব্দ আৰু কেতিয়াও নুশুনে , জীৱনৰ অৰ্থ কেতিয়াবা কাৰোবাক হেৰুৱাই হে গম পোৱা যায় । হেৰুৱাৰ মাজতো বহু কিবা লুকাই থাকে …. এই উশাহ কেৱল “তোমাৰ বাবে ”
    

9.45

  
✍পাৰ্থ গোস্বামী

” DISGUSTING … আজিও ই কেনেকৈ মোক চাইছে চা । ”
“অহ সি সদায় তোক চাবলৈয়ে আহে । লাজ চৰম নাই নেকি এইদালৰ । সদায় চাবলৈ ৰখি থাকে ।”
“আজি ভালকৈ দিম ইয়াক । কি অভদ্ৰ নিচিনা চাই থাকে । ”
      মায়াৰ খং উঠিল আৰু তাইৰ খং একেবাৰেই সহ্য নহয় । তাই সেই লৰাটোক বহুত গালি দিলে । সি এটা শব্দও নকলে আৰু চাওঁতে চাওঁতে 9.45ৰ ক্লাছৰ আগত সেই জধলা লৰাটোয়ে মায়াক মাত্ৰ এবাৰ দেখা পোৱাৰ আশালৈ  নহা হল । কিন্ত মায়াৰ জীৱনৰ পৰা যেন হঠাৎ কিবা এটা নোহোৱা হল । যাক কামোৰ ভাবিছিল আজি তাক গালি দিবলৈ মায়াই কিয় ইমান অপেক্ষা কৰিছে , যাৰ একেটা চাৰ্ট দেখি দেখি মায়াৰ খং উঠিছিল আজি কিয় কলেজৰ এটা চুক খালি খালি লাগিছে ??? এৰাহ নানা প্ৰশ্নৰ উত্তৰ বিচাৰি মায়াই ৰীতাক ক’ল কৰিলে ……
“অই মোৰ সেই লৰাটোলৈ বেয়া লাগিছে । তাক বহুত বেয়াকৈ কলো । ”
” বাদ দে মায়া তাৰ নিচিনা বহুত ৰমিঅ থাকে । ”
” কিন্ত তাৰ চকুদুটা?? সিহঁতে মিছা নকয় । তাৰ চকুত বহু আশা আৰু দুখ দেখিছিলো । সি বেয়া নহয় নিচিনা লাগিছে ।”
” প্ৰেম হল নেকি তোৰ ??? হা হা ”
” চুপ … মাৰ খাবি ”
“তোৰ ৰমিঅৰ নাম ৰাহুল , সি দিনটো কেমেৰা এটা লৈ ঘুৰি ফুৰে । তাক লগ কৰি একো লাভ নাই .. ভাল নহয় সি ”
“এবাৰ চ’ৰি কব আছিল , বেলেগ একো নাই । লৰাটো বেয়া নহয় নিচিনা লাগিছে । কিয় বা নাজানো তাক বৰ আপোন লাগিছে । কাৰোবাৰ অভাৱ তেতিয়া হে অনুভৱ কৰা হয় যেতিয়া হৃদয়ৰ কোনোবা চুকত হয়টো সহানুভূতি নহলে মৰম থাকে ”
“তেনেহলে ঠিক আছে কালি ৰাতিপুৱা 9.30 মানত কলেজৰ ৰাস্তাটোত আহিবি । প্ৰায়েই সি সেই ফালেদি আহা দেখা পাও । ”
    মায়া আৰু ৰীতাই ভবাৰ দৰেই তাক ৰাস্তাটোত দেখা পালে ।
” অই ৰীতা কৰি কি আছে ই ???…
“মই কি জানো । কৈছিলো চোন তোক ই পাগল বুলি ।”
” আৰে ৰ চোন মনে মনে চাও কি কৰে ই ”
    মায়া আৰু ৰীতাই দিনটো ৰাহুলে কি কি কৰে চাই আচৰিত হল । সি ভিডিঅ কেমেৰাত দিনটোত যি যি দেখে সকলো আৱদ্ধ কৰি ৰাখে । ৰাতিপুৱা স্কুললৈ যোৱা লৰা ছোৱালীৰ হাঁহি , আইচ ক্ৰিম দোকানত দেউতাকৰ হাতত ধৰি টনা সৰু লৰাটো , আকাশত উৰা চৰাই জাক , কামলৈ উলাই যোৱা স্বামীয়ে পত্নীৰ কপালত আকি দিয়া মৰমৰ চুমা , লোকেল ট্ৰেইনত হিজিৰাৰ নৃত্য । এনেতে এজাক বৰষুণ আহিল আৰু সি কেমেৰাটোৰে নিজক ৰেকৰ্ড কৰিলে । সি বৰষুণত জপিয়াইছে আৰু চিঞৰি চিঞৰি গাইছে “জিলেইলে জিলেইলে” ।
ঠাণ্ডা লগাত সি কঁপিছে । হাতত গৰম কফি একাপ লৈ সি ঘৰলৈ উভটি যোৱা ছাগলীৰ পোৱালি কেইটাক মৰম কৰিছে । সি দিনটোত যি যি হ’ল সকলো কথা ৰেকৰ্ড কৰিছে আৰু সন্ধিয়া হোৱাৰ আগে আগে সি পকেটৰ শেষ 10 টকাটো ভিক্ষাৰী এজনীক দিছে ।
” ৰীতা ই সুখী কেনেদৰে হব পাৰিছে ??? তাৰ কোনো বন্ধু নাই , এটাই চাৰ্ট আৰু সেই কেমেৰাটো??? ইমান আপোন কেনেকৈ হব পাৰিছে ???”
“পাগল ই বাদ দে ”
” নাই ইমান সময় এনেকৈ চালো যেতিয়া তাৰ ঘৰটো যাম । মোৰ জানিব মন আছে সি কিয় এনেকুৱা , প্লিজ ব’লনা ‘”
    মায়াৰ কথা এৰিব নোৱাৰি সিহঁত মনে মনে তাৰ পিছে পিছে গৈ তাৰ ঘৰ পালেগৈ । সিহঁতে বাহিৰৰ পৰা TV ৰ শব্দ শুনা পালে যত দিনটোত যি যি ৰেকৰ্ড কৰিছিল সেইবোৰ বাজি আছিল আৰু সি চিঞৰি চিঞৰি হাঁহিছিল । মায়াই মনে মনে দুৱাৰখনৰ কাষেৰে চাই দেখে যে বিচনাত অলপ বয়সৰ মানুহ এজনী শুই আছে আৰু তাইৰ হাতত চেলাইন । মানুহজনীয়ে একো কথা কোৱা নাই মাথোঁ tv টোলৈ চাই আছে । ৰাহুলে তেওঁক ভিডিঅৰ কথাবোৰ বুজাই আছে । মা এইটো চোৱা মা সেইটো চোৱা কিন্তু মানুহজনীয়ে একো মাত নাই দিয়া । সি মাকে নেদেখাকৈ দুবাৰ মান কান্দিছে আৰু মাকৰ আগত গান গাই মাকৰ হাতত ধৰি নাচিছে । এনেতে সি মায়াক দেখা পালে আৰু লগে লগে উঠি আহি আচৰিত হ’ল । সি ভয়ো খাইছে ।
” চ’ৰি মেদাম আপুনি ইয়ালৈ নহা হলেও হল হয় । আপোনাক নাচাওঁ আজি কালি ”
” তুমি মোক কিয় চাইছিলা কোৱাচোন । ”
” জীয়াই থকাৰ প্ৰেৰণাত । জীৱনে বহু কিবা হেৰুৱাবলৈ বাধ্য কৰাইছে । মা হয়টো বেছিদিন জীয়াই নাথাকে আৰু সেই বাবেই মাক পৃথিৱীৰ সকলো ধুনীয়াবোৰ আনি দিব খোজো । সেইবাবেই পাগলৰ দৰে কেমেৰাটো আৰি ঘুৰি ফুৰো । আপোনাক দেখা পালে অলপ আশা পাওঁ কিয়নো …… উম নাজানো কিয় , হয়টো সকলো প্ৰশ্নৰ উত্তৰ নাথাকে আৰু জীৱনটো এনেকুৱাই মেদাম ‘ এফালে পোৱাৰ আশা , আনফালে হেৰুৱাব বেদনা ‘ । ”
” তুমি ইমান সুখী কেনেকৈ থাকা দিনটো ??? আচৰিত ”
“সুখী হোৱাটো বৰ এটা ডাঙৰ কাম নহয় । জীৱনে নজনাকৈয়েই সুখী হোৱাৰ বহুতো কাৰণ দি যায় কিন্তু আমিহে সেইবোৰ বিচাৰি নাপাওঁ । সুখী হবলৈ অজুহাতৰ প্ৰয়োজন নাই । মই দুখৰ মাজত হাঁহিছো আৰু আপুনি সুখৰ মাজতো কান্দিছে । জীৱন এনেকুৱাই । প্ৰয়োজন মাথোঁ কিছু প্ৰেৰণাৰ ”
“বাৰু সেইদিনাৰ বাবে মোকো ক্ষমা কৰি দিবা । আহো আজিলৈ । জীৱনে বিচাৰিলে আকৌ লগ পাম ” … 
মায়াই বাহিৰলৈ উলাই যোৱাৰ পিছতে বৰষুণ জাক আকৌ আহিল । তাই বৰষুণ জাকত বৰকৈ তিতিলে । আজিৰ বৰষুণ জাকত কিবা এটা আছিল । হয়টো ভালপোৱাৰ প্ৰথম জাক বৰষুণ ,আৰু মায়া । “মায়া এইবাৰ তই পাগলী হলি ”
“হয় চাগে , যদি পাগলবোৰ এনেকুৱা হয় তেন্তে মই পাগলী হবলৈ সাজু ”
” তেন্তে তাক একো কিয় নকলি ??? ”
” সি নিজৰ পৃথিৱীখন বৰ কষ্টৰে সাজিছে । তাক তাৰ পৃথিৱীতে থাকিব দে । আমাৰ পৃথিৱীখন বৰ বেয়া আৰু মই তাক এই পৃথিৱীত আনিব নিবিচাৰো । তাক দুৰৰ পৰাই চাম যেনেকৈ সি মোক চাইছিল । তাক সিমানেই মৰম কৰিম যিমান আজি তাৰ চকুত দেখা পালো । ”
” কিন্তু মায়া …..
” সদায় সি মোক চাবলৈ ৰখিছিল , কালিৰ পৰা মই ৰখিম । পাৰ্থক্য একো নাই ”
” DISGUSTING …..
” হাহা 9.45….

image

Forever

Forever …
.
✍Partha Goswami

—-I just cant  maa.. tar logot bia hoi lifer sabse dangor vul korilu. Divorce papert sign kori tar hatot di dilu.kali ratii pua ghor jam goii
—-ebar vabi sa. Hombondhobur iman hunkale vonga aru pota najai ..
—- basi ase nu kii maa
—- tothapiu..
—- tothapiu
—-umm g val dekho
     Mar phone tu kati bed roomr suktut porii amar mane Rahul aru mur biyar photo khon bagtur eta bisesh kuthat humaii lolu.Um Rahul.. Jukhotke besi power thoka sosmajur , kekura suli,aru tenei gaolia swovabor loratue muk sabo ohar dinar porai bea pau.. hoitu bea pau koleu vul hobo,kisuman manuhok beau pua najaai.asolote hehotor uposthitir kunu mulyo nthake.. kintu bohut mon jaii tak bohut besii bea paboloi .ghoror pora jur kori tar logot bia korale aru protibad korar hahokh hoitu mur nasil.tak kio val napau njanu ,enekoi janu karubak val pabo parii??? Ajiu eketa shirtke gali nidialoike pindhe.. sulit jukhotke besi tel ,unki tar underwear turu eku brand jaiii.ufff I cant .
    He muk ajiloi val pau buliu kua naii..eta ful ekhon sari gift koribo lage buliu njane.dintu office aru hondhya hole he mur protitu kotha kunu condition nuhuakoie mani loi.. romance ki bostu he sage ajiloi buji napai.news channel bahire hoitu eku saie pua naiii.amar ekue nimile sun,, moiii John r six pack abbs valpau, he ontoto Alia kun cini pabo lagee..  he mur favorite colour ki food ki eku najane. I just cant .enekua manuh etar logot kune thakibo .bas kali ratipua houk aru murr eiii boring jibanor pora ajadiii

—- Hiya hunisu tumi kali jabagoi??
—-um Rahul. m sorry yar.moi bohut try korilu tumak val paboloi,but ki korim re.noholll I just cant .
—- Umm tumar karone aji gift eta anisu,hoitu kalir pora diboloi tumi nathkibaa.moi ajiloi eku gift kini nai pua ,heibabe najanu tumi ki valpua ki bea pua..
          OMG yar ki hol aji.. ronga sari ekhon anisil he ,choice ekebarei bea tothapiu val lagisil kiba etaa.prothom baror babe roomtut eta atmiota ahisil, he ekethire saii roisil muloiii aru nojonakoi moiu thor lagi goisilu ..
—–baru moi pindhi sam.Thank you
—–actually kiba kobo asil .mane. mane kobo asil  je mane
—– eitue koba sage kalir pora tumar bedroom okol tumar hobo.moii tumar bed t and tumii guest roomt aru thakibo nalage.. mur joli jua alur sabjiiir logot agdinar rutii khaii hahi hahi kbo nalage je bohut val lagse.eibureii ne??? ..
—– but moi jula sabjii valpua hoisu.. bidda .
—– But moii tumak. Baru bad dia,last last day. Lets not fight .aru divorce pisot amii val friend hobo parim ne???
—–um tumi ji kua.Anything for u.
—– Awww pagal iman val nhoba be nhole divorce cancel hoi jabo.. actually I tried Rahul but ki korim kua tumak val pabo nuarlu o.ghoror pora jur kori bia korai dilee, sabei nijor life partner k loi kisuman expectations thake .tumi loratu bea nhoii..bohut val.but. yes buddy there is a but I hope tumii bujisa . tumar logot bohut bea korilu o .moi nijok bohut hate korim kalir pora.. 
              He mur kotha huni batcha nisina kandibo dhorile , he kio enekua baru .. tak prothom baror babe hug korilu. He u kesua r nisina jurke dhorii thakil..
—- Hiya eri najba muk.moii hodaii ga dhum promise .. aru aru ei silua shirt bur eri tumii valpua dhunia dhunia dress pindhim. Tumiii valpua tv shows sam,,tumi bohut beake bonua sabjiiiu sesh korii kham aru aru um ummm moii val hom,nijok val korim
—- Rahul please enekua nokoribaa.its ok tumii hosai bohut val.tumak val pabo nuarilu ,eitu mur durvaigyo  aji eibur emotional kam bad dia.kua dinnert ki khaba
        Heidina prothom bar tar logot iman kotha patilu. Dumahot jiman kotha hua nasil eghontat tatkoi besii kotha pota hol. He ki khai val paii ..rati keitat vat khaiii.. unki khai ne ni heitu u njnu moii tothapiu heidina taloi prothom bar morom lagisl.ontoto sesh dintur babe tar perfect partner hbo khuju,edinor babetu taloi iman khini koriboii paru..
—-  rahul kalir pora nje vat bonaba aru huna gastu tolot off koribo napahoriba .
—- umm ei ratitut rokhai thobo para hole.. sauna hiya bahirot iman dhunia junak aru hei torabur . wahhh 
—– wow rahul tumi junak tora eibru jana?? Eitu heitu Rahul ei ne june ek maholoi njor wife logot kotha patibo laj korisl..
—- Umm Hiya ei akash tora junak aru tumiiii . kunubai thikei koisil karubak heruar voye mmanuh k bohu kiba dii jaiii..
—- baru bohut rati hol..
—- umm hua tumi aru moi sign kori thoisu.tumak nij hatere dibo nuarim.. laptop tur usorte ase.loii jabaa..
        Prothom bar tar babe kiba onuvob hol.njanu ki hoisil mur ..enekua lagsil jen bohut kiba herualu , othoso mur nasileiii eku.hat hatot dhori room tur pora ulaii njaboi kolu..he mur kopalot suli khinii thik koriii roomtur pora ulaii gol.ebaroloiiu ghuriii nasalee hei roomtut ..heii botah khinit..heii onuvob  khinit kiba eta asil. Suate sauté ratipua hol aru moi ghoroloi ekabre jabo ulalu. He muk mat diboloi roomtur porau ulaii nahil ,tak jau buliu kua nhol.hoitu thikeii korilehokolure hridoi mur nisina iman kothin tu hobo nuare..
       —- Rahul jola sabji whole life khabo pariba???
       —- hiya??? Tumi mur kitchent .. moi eku buja nai re. sign tu vul hoisil neki?? Akou kori dim beleg copyt..
       —– shut up ..ekdom sup nhole enkua mar khba nhoiii.. watt logai disa be tumi mur .prothomote itsa nhuake bia korai aru etyaa dur koriii. Moi nuaru yarrr .. moi njnu val pau ne nai tumak but moring uthi okole coffee khabo nuaru , joli jua sabjiii tumar bade kune khabo kua..aru kajia korbo..galii dbo tumak lagee. Tumar imperfections bur mur krne perfection r hoi gol .. Bas ho gya yarrr.. 
      —– but moi jola sabji nakhau.valke hiki aha agot .
     —- ohhh Level sa tar.jaugoi akou moi bye
      —- na na kham kham ..
      —-.love you
      —- 2 3 4 5 6 79..

image

হিন্দু বাংলাদেশী

image

হিন্দু বাংলাদেশী

✍পাৰ্থ গোস্বামী

“আইজনীক কিবা এটা দিব নালাগিছিল জানো ??? … যোৱাটো বিহুটো একো এটা দিব নোৱাৰিলো ”
” দমৰাটো বেছিব পাৰিলেই তাই লৈ কিবা এটা আনিব লাগিব ”
“এৰাহ ….

চাহৰ বাতিটো হৰিক দি ৰমলা ভিতৰলৈ সোমাই গ’ল । সেন্দুৰীয়া আকাশখনৰ কোনোবা এটি চুকত নীলিমাত বিলীন হব ধৰা বেলিটো ডিঙিত আৰি লোৱা পুৰণি গামোচাখনৰ পাৰ্থক্য হয়টো বৰ বেছি নাছিল । যোৱাবাৰ বানত নষ্ট হোৱা খেতিদৰাৰ কাষত এইবাৰ নতুনকৈ বহুকেইঘৰ বাংলা ভাষী মানুহ বহিছে । কোনেও একো নকয় , হয়টো সাহসৰ অভাৱ ।
” আপুনি আজি কালি পথাৰলৈ নাযায় যে ??”
” যাম যাম । এই মাজনী ঘৰলৈ আহিল নে?”
…. এনেতে হৰিৰ বন্ধু ৰমেন আহি নঙলা মুখ পালেহি । তাৰ চকুত চকুলো স্পষ্ট । হতাশাত ভাগি পৰিছে সি ।  হতাশাত ভাগি পৰিছে সি ।
” হৰি আমি যুগ যুগ ধৰি খেতি কৰি অহা মাটিদৰাত সেই মানুহবোৰে ঘৰ সাজিছে । আমি খেতি ক’ত কৰিম বান্ধৈ ?? .. পৰিয়াল কেনেদৰে চলিব ???মাজনী , পোনাকনৰ ভৱিষ্যত ??? ”
” সিহঁতে ইমান সাহস কত পালে??… উঠাই দিও বল বান্ধৈ ”
” নোৱাৰ বান্ধৈ । সিহঁত হিন্দু বাংলাদেশী । চৰকাৰে থাকিব দিছে , হয়টো দুদিন পিছত থকা ভেটিও বাংলাদেশীৰ হাতত যাব ”
“এৰাহ …বৰ অসহায় লাগিছে অ বান্ধৈ ”
… হৰি আৰু ৰমেন হতাশাত ভাগি পৰিল । যুগ যুগ ধৰি খেতি কৰা মাটি , আজি বাংলাদেশীৰ হাতত । দুদিন পিছত ৠণত ডুব যোৱা হৰিৰ মৃত দেহ বৰ নাম ঘৰৰ পুখুৰীত উপঙি উঠিল । তাৰ দেহৰ কাষত ৰমলাই চিঞৰি কান্দিছে আৰু কাষত কান্দিব নজনা মাজনীয়ে থিয় দিছে । বহুদিন পাৰ হল আৰু উপায় নাপায় দেহটোৰ বেহাত ৰমলা আজি ব্যস্ত ।

      হৰি ,ৰমলা মাথোঁ একো একোটা উদাহৰণ । হয়টো দুদিন পিছত অস্তিত্বৰ সংকটত ডুবিব আমাৰ জাতি , আমাৰ মাটি , আমাৰ ভেটি আমাৰ আন্ত সন্মান । কত গল আজি সেই লাচিতৰ তেজ??? কত গল সেই হেংদাং..??? হিন্দু হওক বা মুছলমান কোনো এজন বিদেশীক আমাৰ অস্তিত্বক গচকি যাব দিব পাৰোনে ????… এতিয়া ভবাৰ সময় ….

অবৈধ

image

অবৈধ
✍ পাৰ্থ গোস্বামী

“বাবা উঠা ..বাবা , 10  বাজিল উঠা ।”
“মা প্লিজ আৰু 5 মিনিট ”
“নহব । উঠা কৈছোঁ , এতিয়াই উঠা ।”….
    মোবাইলটো হাতত গুজি বিকাশে whatsapp ৰ মেছেজ কেইটা পঢ়ি চালে । সি ৰাতি 2 -3 বজালৈ তাৰ আটাইতকৈ প্ৰিয় বন্ধু  ৰাজৰ মেচেজলৈ বাট চাইছিল যদিও ৰাজৰ মেচেজৰ উত্তৰ নাহিল । ৰাতি প্ৰেয়সীৰ দীঘল দীঘল চুমা কেইটাৰ উত্তৰ নিদি কোন লৰাই নো ৰাতি 2 বজাত লগৰ লৰাৰ লগত মেচেজ কৰিব । ৰাজকলৈ বা তাৰ বন্ধুত্বৰ বাবে বিকাশে জোখতকৈ বেছি সপোন দেখে,কেতিয়াবা ৰাজে কথা নাপাতিলে বা মেচেজৰ উত্তৰ নিদিলে বিকাশ দুখত ভাগি পৰে ….
     বিকাশ …. মাকৰ অতিপাত মৰম তথা আদৰত ডাঙৰ বিকাশ সৰুৰ পৰাই কাজল , লিপষ্টিক আদিত বেছি আকৰ্ষিত । মাকে সৰুতে মৰমত পিন্ধাই দিয়া ফ্ৰকটোত যেন নিজক বিচাৰি পাই … পিষ্টল লৈ খেলা বয়সত সি হাতত জেতুকা লগোৱাত হে গুৰুত্ব দিছিল আৰু তাৰ বাৰ্বি পুতলাজনী… তাই নহলে সি এক ৰাতিও শুব নোৱাৰে । আজি বিকাশ ডাঙৰ হল আৰু প্ৰকৃতিৰ নিয়মক পাহৰি সি ৰাজকলৈ দুৰ্বল হৈ পৰিছে … সি ৰাজৰ সকলো কথাই ভাল পায় । ৰাজৰ গীতাৰৰ সুৰ , ৰাজৰ হেয়াৰ ষ্টাইল , ৰাজৰ কথাবোৰ আৰু ৰাজ …. এই বন্ধুত্বৰ মাজতে বিকাশৰ সমগ্ৰ জীৱন , বিকাশৰ সপোন ৰাজকলৈ । তাৰ গোলপীয়া গাৰুটোক বুকুত গুজি ৰাজলৈ মনত পেলাই কেতিয়াবা সি উচুপি উঠে ।
      ” বাবা … উঠা । নহলে কিন্তু এইবাৰ পানী ……”
      ” উঠিলো মা”…
বিকাশৰ বাবে আজি বিশেষ দিন । আইনাৰ আগত সি বিশেষ ভংগীমাৰে মুখত পাউদাৰ সানি ওচৰৰ ৰঙা গোলাপটো সযতনে বুকুত গুজি ৰাজক কোৱা সংলাপবোৰ প্ৰেকটিছ কৰিছে …
    ” প্ৰকৃতিৰ বিৰুদ্ধে হলেও এবুকু ভালপোৱা কেৱল তোমাৰ বাবে “…
খিৰিকীৰ ফাকেৰে নামি অহা ৰিব ৰিব মলয়াজাকে বিকাশৰ মনটোৰ অস্থিৰ কৰি তুলিছে । ওচৰত বাজি থকা পাপনৰ গানটিত সি নিজক হেৰুৱাই পেলাইছে … ” জোনাকে বিচাৰে কি, ফাগুনী বতাহে সুৱৰাই কি….. তোমাকে তোমাকে….” বহু অপেক্ষাৰ অন্তত ৰাজ আহি তাৰ ওচৰত থিয় দিলে । 
     ” বিকাশ কি জৰুৰী কথা আছিল তোমাৰ ??? কোৱা সোনকালে হিয়া ৰখি আছে বাহিৰত ” …
     ” ৰাজ হয়তো তোমাক বুজাবলৈ মোৰ সমৰ্থ নাই, হয়তো শব্দৰো অভাৱ । ”
     ” আব্বে দষ্ট কোৱা কি হল , বিন্দাচ …. ”
     “তোমাক ভাল লাগে মোৰ আৰু এই ভাল লগা খিনিক ভালপোৱাৰ নাম দিব খোজো ।”
    ” WTF … তুমি এইবোৰ কি কৈছা । OMG … ৰবা অলপ হাঁহি লওঁ । অই ৰাহুল , ৰিয়া , আলি তইও আহ , সোনকালে আহ বে হট নিউজ …. এই বিকাশে মোক প্ৰপ’জ কৰিছে বে… হা হা ” …
   ” আৰে ই gay চোন । ” — ৰাহুলে কলে ।
    “হা হা ই লাজ কৰিছে চা “— ৰিয়াই কলে । ….
       বিকাশে একো নকলে । হয়টো সি জানিছিল তাৰ এই অনুভৱ সমাজত মাথো ঘৃণা । তাৰ চকু কেইটা পানীৰে ভৰি পৰিল । সি এবাৰলৈও পিছলৈ ঘূৰি নাচালে । হুক হুকাই কান্দিব মন গল যদিও সি লাজ আৰু সিহঁতে গচকি থৈ যোৱা আত্ম সন্মানৰ কথা ভাবি চকুলো লুকুৱাই ঘৰলৈ ওভতিলে । ঘৰৰ ৰুমটো যেন বিষাদৰে ভৰি আছিল । সি চিঞৰ চিঞৰি কান্দিল আৰু নিজৰ অস্তিত্বকলৈ সি ভাগি পৰিল । তাৰ কবলৈ বহু কথাই আছিল … তাৰ অনুভৱ ,তাৰ পৃথিৱীখন আৰু তাৰ অস্তিত্ব । খিৰিকীৰে নামি অহা জোনাক আৰু ৰাজলৈ থকা তাৰ ভালপোৱা … বহু ভাবিলে যদিও একো উত্তৰ নাপালে । মাকৰ ৰুমত গৈ সি প্ৰশ্ন কৰিলে …
    ” মা মই কিয় এনেকুৱা ???… মই কিয় কোনোবা ছোৱালীৰ প্ৰেমত নপৰি ৰাজক ভাল পাও …. কোৱা মা”
     বহু সময় মৌনতাৰ অন্তত মাকে তাক চৰ মাৰিলে ….
    “Ashamed of you ” …
সি ভাগি পৰিল । হয়টো তাৰ মনৰ কথা মাকে বুজিব বুলি তাৰ আশা ।
উজাগৰী নিশাৰ অন্তত কলেজ গেটত ভৰি থলে । হাতৰ কিতাপ কেইখন আৰু গধুৰ মনটোক লগত লৈ কলেজৰ কৰিদৰটোত বিকাশৰ খোজকেইটাক সংগ দিলে অনামিকাই ।
   “তই gay হয়??? গোটেই কলেজে তোৰ কথা কৈ আছে । হাঁহিছে সকলোৱে । টোক এটা ডাঙৰ ধেমালি বনাই দিছে বিকাশ । তই কিয় প্ৰপ’জ কৰিছিলি” ….
    ” কাৰণ তাক ভাল পাওঁ ” ….
কলেজত সকলোৱে তাক বহুত জোকালে । ক্লাছত সি সোমোৱাৰ লগে লগেই সকলোৱে gay বুলি জোকাই । তাৰ নামত whatsapp jokes পঠিয়াই । তাক দুই এটাই খাৰু মণি উপহাৰ দি জোকাইছে । বহুদিন এনেকৈয়ে পাৰ হল আৰু সি মানসিক ভাবে ভাগি পৰিল । নিজক অস্তিত্বক লৈ সি সংকটত পৰিল । তাৰ পৃথিৱী আৰু তাৰ অনুভৱ যেতিয়া কোনেও নুবুজে , আনকি তাৰ মাকেও বুজিব নিবিচাৰে । হতাশাত ভাগি পৰিল সি আৰু পিছদিনা পুৱা তাৰ মৰা শ টোক চিলিং ফেন খনৰ পৰা নমাই হল । ওচৰৰ চুইচাইদ ন’ট টো পঢ়ি মাকে কান্দোনত ভাগি পৰিল ….
    মৰমৰ মা … তুমি যেতিয়া এইখন চিঠি পঢ়িবা তেতিয়ালৈ মই এই পৃথিৱীৰ পৰা যাম গৈ । কিন্তু মা পাৰিলে এবাৰ ভাবি চাবা মই কিয় এনেকুৱা । সৰুতে তুমি পিন্ধাই দিয়া ৰঙা ফ্ৰকটো কিয় ইমান আপোন লাগে । কিয় মা বাৰ্বি পুতলা জনী মোৰ আপোন । লৰা হৈ লৰাক কিয় ভাল পাওঁ ??? … এইবোৰ প্ৰশ্নৰ উত্তৰ মোৰ নাই মা । কিন্তু তোমালোকে কিয় এবাৰ হলেও মোৰ কথা নাভাবিলা , এবাৰো কিয় মোক জীয়াই থাকিব নিদিলা ???? এই পৃথিৱী আমাৰো নহয় জানো??… তেন্তে জীয়াই থকাৰ অধিকাৰ কিয় নাই । কিয় আমাৰ দৰে মানুহক জীয়াই থাকিব দিয়া নহয় । মা আমাৰ জানো অধিকাৰ নাই নিজৰ ইচ্ছাত , নিজৰ অনুভৱত জীয়াই থকাৰ । হয়টো আমাৰ নিচিনা মানুহৰ পৃথিৱী বেলেগ মা আৰু সেইবাবেই সেইখন পৃথিৱীলৈ যাব গুচি আহিলো । তোমালৈ মনত পৰিব  …
        “You are the best mother of a worst child ”
                তোমাৰ ,
                       বিকাশ
.
চিঠিৰ অন্তত মাকে তাৰ মেক আপ বক্সটোক বুকুত গুজি চিঞৰি উঠিল
  “You are the best child of a worst mother “

Frozen kiss

image

… Last seen 2 days ago.. Najanu kinu iman type korisu but dighol dighol msg keita likhi send koriii delivered hualoii rokharu murrr dhoijyo naii.. 2 bosor hol taik naiii dekha,taiiir biyarrr dinarr porai hopot khaisilu taik ketyau contact nokorar.kaliii murrr biya aru biyarr agot taik ebarrr log pua hole.sallaaa BC kiman j kiba kibii kobo ase.enekua kio hoiii baru ,taik log koratu kio aji proyujon??.. eiburr vabiei ratii 11 ta bojat tairrr ghoror terrace t goiii tailoii call logalu…
“Rohan what the hell u r doing here..??? Kalii tumrrr biya ..kunubaii dekhile kiii kobo???”..
“Leave na Nimisha ….at least ajiiir karne murrr agorrr Nimisha hooii juana.my hot wala nimi ….”
“Stop it … Kiii koiii asa .jua tumi atyai .please go ”
Tairrr suliiikeidial sokurrr agott ahiii goisil aru voye voye taiii atoraii disil.taiii muk iman dinor murot dekhiii bohut hukhi jodiu tairr sokur paniii keitupale mukk tairr aru usorot loiii anisil ..
“Nimisha tumak bohut miss korisu last two years t ..u don’t know baby how much I …..But tumar biyarr dinar pora abaroloiiu pisoloiii ghuriii nasalu. Don’t know now what d hell m doing here ,but baby please eiii homoiii khinik dhoriii rakhana.u don’t know kimn miss koru tumak.tumrr lol msgburr,tumrr natanki burr ,amar horu horu  puska partybur aruu aruu heiii j tumrr non veg jokes bur”
“Muk jabo dia Rohan ..nohole akou prem hoiii jabo …”
“Aru tumiii akou eriii Jaba”
“Eiya homoiii asil jiye amak atoraisil,atya eiburr meaningless …kliii tumarrr biya ..please atyaa ghorot juaa “..
    Taiiik jurere hug korilu aru tairrr sokupaniir sesa onuvob murrr dingit onuvob korilu..I just love all these… Tairr sokudutaa,the warmth of her body aru taiik….

“Jan lifer pora dubosorman skip koribo para hole”
“Haha tumak j aru hoijyo koribo nuarim,tinibosoroteii obosta beya.. Iman dangor lora atyaloiii underwear nipindhe…he he tumarr wifek kom ..”
“Shut up Nimi … Aru tumrrr husband k mata moiu kom vodka khaiii tumiii ki ki wish kotha Kuaa… Kiba blind …..”
“Oii oiii sup …love yaa.. Sua amrr anguliii keita iman perfectly fit hoi” …
“I wish  eiii ratiturr pua jen ketyau nhouk ..”
“Atya juaa tumiiii … And please wife k bohut morom diba ..love u.please love her”….
Taik usoroloii taniii anilu ..tairrr usahor Hobdo ahii murrr kanot poril.tairrr uthot murrr uthor sporso huarrr loge logeiii taiiir sokupanii aru besike ulabo dhoril ..she kissed me and it was our best kiss ever.tairr uvot Mon goisil homosto valpua japiii dim..taik bohutt valll pau aru eiii valpua khiniii bukut bandhiii taik sesh baroloi log korilu.taiir protitu usah murr hridoyot bajii asil jen ajiii taite bilin moii aru tairrr kajol burrr nosto korisil tairrr sokulue..moiii jabo ulauteii taiii pisor pora mat dile …
“Tumarrr biyat jabo nuarim.beya npaba ….amarrr Eur bosorekia porise.. Umm Rohan his death anniversary… Good bye jan ..stay hot and ummmahhhhhhh”…
.
Partha Goswami

Blog at WordPress.com.

Up ↑